Seba Class 10 Science Chapter 6 Answer 2025
seba Class 10 Science Chapter 6 All Question Answer 2025 | জীৱন প্ৰক্ৰিয়া |
Chapter 6 | Class 10 Science All Question Solution Assam | Class 10 Jiban Prakriya Lasson
Answer Assam | SEBA Class 10 Science Answer | sahaeducation.online
১. শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ পাচিত খাদ্য শোষন হব পাৰাকৈ ক্ষুদ্ৰান্তৰ ভিতৰবেৰত আঙুলি সদৃশ প্রবর্ধ থাকে, এইবোৰক ভিলাই বোলে। ভিলাই সমূহ ৰক্তনলীৰে আবিষ্টত হয়। খাদ্যৰ পাচিত উৎপাদান শোষনৰ বাবে এই ভিলাইবোৰে পৃষ্টকালি বৃদ্ধি কৰে। যাৰ ফলত খাদ্যৰ পাচিত উপাদানৰ শোষন বৃদ্ধি পায়।
2. শ্বাস
প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
উত্তৰঃজলজ
জীৱবোৰে চাৰিওফালৰ পানীত দ্রবীভূত অক্সিজেন ব্যৱহাৰ কৰে। যিহেতু পানীত দ্রবীভূত
হোৱা বায়ুত অক্সিজেনৰ ঘনত্ব যথেষ্ট কম, জলজ জীৱবোৰৰ উশাহ-নিশাহৰ
হাৰ যথেষ্ট দ্রুত হয়। স্থলজ জীৱবোৰে শ্বাসতন্ত্ৰৰ অঙ্গৰ জৰিয়তে অক্সিজেন সমৃদ্ধ
বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহণ কৰে। সেয়েহে, জলজ জীৱতকৈ তেওঁলোকৰ
উশাহ-নিশাহৰ হাৰ যথেষ্ট কম ।
3. কি কি প্ৰথাৰে
বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰঃ যিকোনো
জীৱদেহত প্রথমে কোষপ্ৰৰসত ছয়টা কার্বনযুক্ত গ্লুক'জ অনুৰ ভাঙন ঘটি তিনিটা
কাৰ্বনযুক্ত পাইৰুভেত অনুৰ সৃষ্টি হয়। এই পাইৰুভেত অনুৰ পৰা ভিন ভিন জীৱদেহত তলত
দিয়া ধৰণে ভাঙুন ঘটি শক্তি নির্গত হয়।
(b)
সবাত শ্বসন: কোষৰ মাইট্ৰ'কন্ডিয়াত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অনুৰ
ভাঙুন ঘটি কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি নির্গত হয়।
(c)
পেশীয় শ্বসন: অক্সিজেনৰ যোগান কম হলে পেশী কোষত পাইৰুভেত
অনুৰ ভাঙন ঘটি লেকটিক এচিড আৰু শক্তি নির্গত হয়।
3. মানুহৰ দেহত অক্সিজেন আৰু কার্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ।
উত্তৰঃ মানুহৰ
দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কার্বন-ডাই অক্সাইড পৰিৱহন হয়। তেজৰ লোহিত
ৰক্তকণিকাত হিমগ্লবিন নামৰ এক ৰঞ্জক থাকে। এই হিমগ্লবিনে অক্সিজেনৰ লগ লাগি
অক্সি-হিমগ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায়। হিমগ্লবিনৰ প্রতি অক্সিজেনতকৈ
কার্বন-ডাই অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্রবীভূত অৱস্থাত পৰিৱাহিত হয় আৰু
হাওঁ-ফাওঁলৈ যায়। এনেদৰে জীৱদেহত অক্সিজেন আৰু আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয়।
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও
কিদৰে গঠিত হৈছে ?
উত্তৰঃ হাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান
শাখাত বিভক্ত হৈ বায়ুকূপ গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ বক্ষগহ্বৰৰ আয়তন বাড়ে।
ইয়াৰ ফলত হাওঁফাওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ
পৰে। দেশৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা আৰু কাৰ্বন'ডাই'অক্সাইড
বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ
বিভিন্ন কোষত বিতৰণকৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওত
অৱশিষ্ট বায়ু আয়তন যথেষ্ট থাকে। সেয়ে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহন আৰু
কাৰ্বন'ডাই'অক্সাইড এৰি দিব পাৰে।
প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও এইদৰে গঠিত।
1. মানুহৰ দেহত
অক্সিজেন আৰু কার্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰঃ মানুহৰ দেহত তেজৰ
দ্বাৰা অক্সিজেন আৰু কার্বন-ডাই অক্সাইড পৰিৱহন হয়। তেজৰ লোহিত ৰক্তকণিকাত
হিমগ্লবিন নামৰ এক ৰন্ধক থাকে। এই হিমগ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিমগ্লবিন
যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায়। হিমগ্লবিনৰ প্রতি অক্সিজেনতকৈ কার্বন-ডাই
অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয় আৰু
হাওঁ-ফাওঁলৈ যায়।
2. পক্ষী আৰু
স্তন্যপায়ী প্রাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্রাণী হল উষ্ণৰক্তি
প্ৰাণী। ইহতৰ দেহত উষ্ণতা নিয়ন্ত্ৰনৰ বাবে প্ৰচুৰ পৰিমাণে তাপশক্তিৰ প্ৰয়োজন। এই
শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক পৰিমাণে গ্লুকজ জাৰনৰ দ্বাৰা শক্তি পাবলৈ পর্যাপ্ত
অক্সিজেনৰ প্ৰয়োজন। এই পর্যাপ্ত অক্সিজেনৰ প্রয়োজন পূৰ কৰিবলৈ ইহতৰ বিশুদ্ধ আৰু
অশুদ্ধ তেজ পৃথক হৈ থাকে।
3. উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰঃ উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰ জাইলেম আৰু ফ্লুৱেম নামৰ সংবহন কলাৰে গঠিত।
জাইলেম: শিপাই শোষন কৰা পানী আৰু খনিজ লবণ এই জাইলেম
কলাৰ জৰিয়তে উদ্ভিদৰ পাত আৰু প্ৰতিটো কলা কোষলৈ পৰিবাহিত হয়।
ফ্লুৱেম : উদ্ভিদৰ পাতত প্রস্তুত হোৱা আহাৰ প্ৰতিটো কলা
কোষলৈ এই ফ্লুৱেম কলাই যোগান ধৰে।
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন
হয়?
উত্তৰঃ উদ্ভিদৰ
দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাৰ
নলীকাবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই
দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে। শিপাৰ
যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্রিয়ভাবে আয়নবিলাক গ্ৰহণ কৰি
থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়ে এনে তাৰতম্য
দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ফলত, শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ
পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি
থাকে।
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে?
উত্তৰঃ ফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন হয়। এই সংবহন প্রক্রিয়া
উর্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগীকোষৰ
সহায়ত সংঘটিত হয়। এই প্রক্রিয়া শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয়। প্রয়োজন হোৱা এই
শক্তি ATP য়ে যোগান ধৰে। এই শক্তি ব্যৱহাৰ কৰি খাদ্য, ফ্লোরেম কলাত
প্ৰৱেশ কৰে, ফলত ফ্লোৱেমত আসৃতি চাপ বাঢ়ে আৰু খাদ্য কম
চাপযুক্ত অঞ্চললৈ গতি কৰে। এনেদৰে খাদ্য উদ্ভিদৰ প্ৰতিটো কলা কোষলৈ গৈ পায়।
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে?
উত্তৰঃ ফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন
হয়। এই সংবহন প্রক্রিয়া উর্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ
গাতে লাগি থকা সংগীকোষৰ সহায়ত সংঘটিত হয়। এই প্রক্রিয়া শক্তি ব্যৱহাৰ কৰি সম্পন্ন
হয়। প্রয়োজন হোৱা এই শক্তি ATP য়ে যোগান ধৰে। এই শক্তি ব্যৱহাৰ কৰি খাদ্য, ফ্লোরেম কলাত
প্ৰৱেশ কৰে, ফলত ফ্লোৱেমত আসৃতি চাপ বাঢ়ে আৰু খাদ্য কম
চাপযুক্ত অঞ্চললৈ গতি কৰে। এনেদৰে খাদ্য উদ্ভিদৰ প্ৰতিটো কলা কোষলৈ গৈ পায়।
প্ৰশ্নঃ নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উওৰঃ
নেফ্ৰনৰ গঠন :
(a) বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্ত জালিকা থাকে।
(b) এই ৰক্ত জালিকাবোৰে কাপ সদৃশ নলীকা গঠন হয়।
(c) এনে নলীকাৰ এককবোৰকে নেফ্রন বোলে।
নেফ্ৰনৰকাৰ্য:
নেফ্রনবোৰে
প্ৰাথিমক অৱস্থাত গ্লুক'জ, এমিন'এচিড, লৱন আৰু প্ৰচুৰ
পৰিমানে পানী চেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষন কৰি লয়। তেজ দ্রবীভূত হৈ থকা
বর্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষন হয়। বাকী পদার্থখিনি নেফ্ৰনৰ দীঘল
নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে।
2. উদ্ভিদে কি কি
উপায়ে বর্জিত পদার্থ ত্যাগ কৰে?
উত্তৰঃ উদ্ভিদে বৰ্জিত পদার্থ ত্যাগ কৰা উপায়
সমূহ হল –
(a) উদ্ভিদ দেহৰ
অতিৰিক্ত পানীভাগ পত্ৰৰন্ধৰ জড়িয়তে বাষ্পমোচন পক্ৰিয়াৰে বাহিৰলৈ এৰি দিয়ে।
(b) দিনৰ ভাগত
অক্সিজেন আৰু ৰাতিৰ ভাগত কাৰ্বন'ডাই'অক্সাইড বায়ুলৈ এৰি
দিয়ে।
(c) সৰি পৰা দ্বাৰা বর্জিত
পদার্থ ত্যাগ কৰে।
3. কেনেকৈ মূত্র
উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰঃ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰন কৰাত বৃক্কই
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উৎপাদনৰ পাৰিমান বিশেষকৈ নিৰ্ভৰ কৰে
নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমানৰ ওপৰত যদি দেহত অতিৰিক্ত পানী বেছি থাকে
তেতিয়া অধিশোষন কম হয় আৰু মূত্র বেছি উৎপন্ন হয়। আকৌ দেহত পানীৰ পৰিমান কম হলে নেফ্রনে
বেছি পাৰিমানে পানী অধিশোষন কৰে, ফলত কম মূত্ৰ উৎপন্ন হয়। ইয়াৰ উপৰি বৰ্জিত
পদার্থ যেনে ইউৰিয়া, ইউৰিক এছিড, লৱন আদিৰ পৰিমাণ বেছি হলে
মূত্র উৎপাদন বেছি হয় আৰু কম হলে মূত্র উৎপাদন কম হয়।
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ (c) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন' এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ (a) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়-
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট'প্লাজমত
(b) মাইট'কন্ড্রিয়াত
(c) ক্ল'ৰপ্লাষ্টত
(d) কোষকেন্দ্রত
উত্তৰঃ (b) মাইট'কন্ড্রিয়াত
5. আমাৰ শৰীৰত
চর্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো
শৰীৰৰ কোন অংশত সংগঠিত হয়?
উত্তৰঃ চৰ্বীৰ অনুসমূহ বৃহত আকাৰৰ। এনে বৃহত অনুৰ ওপৰত উৎসেচকৰ ক্ৰিয়া কার্যক্ষম নহয়। যকৃত গ্ৰন্থিৰ দ্বাৰা নিসৰিত পিত্তৰসত থকা পিত্তলৱনে চৰ্বীৰ বৃহত অনুবোৰক সৰু সৰু কৰাৰ লগতে পিত্তৰসে ইহঁতক ক্ষাৰকীয় কৰে। ফলত অগ্ন্যাশয় ৰসৰ লাইপেজ আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে চৰ্বীৰ পাচন ঘটাই ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে। এই প্ৰক্ৰিয়াটো ক্ষুদ্রান্তত সংঘটিত হয়।
6. পাচনত লালটিৰ
ভূমিকা কি?
উত্তৰঃলালটি
গ্রন্থিয়ে নিসৰণ কৰা লালটি আমি খাদ্য চবোৱাৰ সময়ত জিভাৰ সহায়ত খাদ্যৰ লগত মিহলী হয়
যাতে পাচন নলীত খাদ্যৰ গতি সুষম হয়। ইয়াৰ উপৰি লালটিত থকা লালটি এমাইলেজে খাদ্যৰ
শ্বেতহাৰৰ ওপৰত ক্ৰিয়া কৰি সৰল চেনী গ্লুকজ ত পৰিণত কৰে।
7. স্বপোষীত
পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত
পদাৰ্থবোৰ কি কি?
উত্তৰঃ স্বপোষীত
পুষ্টিৰ কাৰণে সূৰ্যৰ পোহৰ, পত্ৰহৰিৎ নামৰ
সেউজীয়া ৰঞ্জক কণিকা, কার্বন'ডাই'অক্সাইড আৰু
পানীৰ প্ৰয়োজন । ইয়াৰ উপজাত পদাৰ্থবোৰ হল অক্সিজেন আৰু পানী।
8.সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উওৰঃ
সবাত শ্বসন |
অবাত শ্বসন |
(i) এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। |
i) এই শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। |
ii) এই শ্বসন কোষৰ মাইট'কন্ডিয়াত সংঘটিত হয়। |
(ii) এই শ্বসন কোষৰ কোষপ্রৰসত সংঘটিত হয়। |
0 Comments